পুনৰ গৰজিল আৰক্ষীৰ বন্দুক;আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতিৰ মাষ্টাৰমাইণ্ড

পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। নিশা নগাঁৱত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। ৰাঙলুৰ বৰকন্দলীত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী।আৰক্ষীৰ গুলীত নিহত হয় মৰিকলং ডকাইতি কাণ্ডৰ অন্যতম অভিযুক্ত দুৰ্ধৰ্ষ ডকাইত খাইৰুল ওৰফে মণি।

নিহত খাইৰুলৰ ঘৰ লখিমপুৰ চহৰৰ থানা ৰোডত বুলি জানিব পৰা গৈছে।।

উল্লেখ্য যে, খাইৰুলে পুনৰ সোমবাৰে নিশা ডকাইতিৰ পৰিকল্পনাৰে নগাঁৱলৈ আহিছিল ডকাইতৰ দল অহাৰ খবৰ লাভ কৰি আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীৰে মুখামুখি হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়াত গুলীবিদ্ধ হয় ডকাইত খাইৰুল।

আৰক্ষীয়ে খাইৰুলক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনাৰ পথতে মৃত্যু হয়। খাইৰুলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা ৭.৬৫ পিষ্টল আৰু ডকাইতিত ব্যৱহৃত দা।

Leave a Reply

Your email address will not be published. Required fields are marked *