ৰাজ্যত অব্যাহত আছে অবৈধ গো-সৰবৰাহ ।
অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে জেহাদ ঘোষণা কামৰূপ আৰক্ষীৰ ।
অবৈধ গো-সৰবৰাহকাৰী সাৰি নাযায় চাংসাৰী আৰক্ষীৰ চকুৰ পৰা ।
আজি পুৱাই চাংসাৰী আৰক্ষীয়ে জব্দ কৰে AS 25 DC 1697 নম্বৰৰ অবৈধ গৰু ভৰ্তি ট্ৰাক ।
জব্দকৃত ১২ চকীয়া ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২৮টা গোধন ।
গো সুৰক্ষা আইন উলংঘা কৰি বৰপেটাৰ কুকাৰ পাৰৰ পৰা অবৈধভাৱে মেঘালয়লৈ সৰবৰাহৰ সময়তে চাংসাৰী আৰক্ষীয়ে জব্দ কৰে বাহনসহ গৰুসমূহ ।
গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত চাংসাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাই চলোৱা অভিযানত জব্দ হয় ২৮ টাকৈ গৰু ।
ট্ৰাকখনৰ চালক চাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
জানিব পৰা মতে জনৈক মতিউৰৰ নেতৃত্বতেই সৰবৰাহ হৈছিল অবৈধ গৰু ভৰ্তি ট্ৰাকখন ।
গো-সৰবৰাহকাৰী জনৈক মতিউৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
কামৰূপ আৰক্ষীয়ে অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে চলোৱা ধাৰাবাহিক অভিযানক শলাগিছে সৰ্বসাধাৰন ৰাইজে ।