শ্ৰীভূমি জিলাত আৰক্ষীৰ অভিযান।অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ তিনিজনকৈ সৰবৰাহকাৰীক৷
সামাজিক মাধ্যম এক্সত এটা প’ষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শ্ৰীভূমি আৰক্ষীয়ে প্ৰায় ৮ কোটি টকা মূল্যৰ ৮০ হাজাৰ য়াবা টেবলেট কঢ়িয়াই অনা নম্বৰ প্লেটবিহীন এখন বাহন জব্দ কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ এই অভিযানৰ বাবে শ্ৰীভূমি আৰক্ষীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে ৷
উল্লেখ্য যে, যোৱা ১২ জুলাইত সমগ্ৰ ৰাজ্যতে ৪৭২.৫১ কোটি টকাৰ হেৰ’ইন, গাঞ্জা, কফ চিৰাপ, টেবলেট আৰু কেপচুল, আফিং, মৰ্ফিন আৰু কোকেইন আদি নিষ্কাশন কৰে।নলবাৰী জিলাৰ দৌলাশালত থকা চতুৰ্দশ অসম আৰক্ষী বেটেলিয়ন চৌহদত মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক পৰ্যায়ৰ ড্ৰাগছ নিষ্কাশন অভিযান আৰম্ভ কৰে । মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বেটেলিয়ন চৌহদত স্থাপন কৰা নিৰাপদ ড্ৰাগছ নিষ্কাশন মেচিনো উদ্বোধন কৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১২ জুলাইত কয় যে ৰাজ্য চৰকাৰে আগন্তুক পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ তীব্ৰতৰ কৰি তুলিব । ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অসম চৰকাৰে আগন্তুক পাঁচ বছৰত আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক এই অভিযানত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।