জামুগুৰিহাটত মৰ্মান্তিক ঘটনা।। পথাৰত কৃষিকৰ্মত ব্যস্ত থকা অৱস্থাতে বজ্ৰপাত পৰি কৃষক মৃত্যু।এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
প্ৰাপ্ত তথ্য অনুসৰি, মৃত কৃষকগৰাকী জামুগুৰিহাটৰ মুঢ়াদল গাঁৱৰ বাসিন্দা গোপাল শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আজি পুৱাও কাঠবাৰী পথাৰলৈ গৈছিল। পুৱা অহা বৰষুণ জাকৰ মাজতেই পথাৰত কাম কৰি থকা অৱস্থাতে গোপাল শইকীয়াৰ ওপৰত বজ্ৰপাত পৰে।
বজ্ৰপাতৰ ফলত কৃষকজন থিতাতে মাটিত বাগৰি পৰে। ওচৰৰে পথাৰত থকা আন একাংশ লোকে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰে যদিও ইতিমধ্যে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।