‘‘কাৰ্বি আংলঙৰ কিছু নিজস্ব নিয়ম-নীতি আছে’’, হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

অসম বিধানসভাৰ উপাধ্যক্ষ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,কাৰ্বি আংলঙত পৰম্পৰাগত আদালতৰ লগতে ৰজাৰো ব্যৱস্থা আছে। আনহাতে, ৰাজ্যত আইন আৰু আদালতৰ ব্যৱস্থাও আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
বিষয়টোত মুখ্যমন্ত্ৰী হিচাপে বিশেষভাৱে ক’বলগীয়া একো নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ। আইন-আদালতে যি সিদ্ধান্ত গ্ৰহণ কৰিব, সেই সিদ্ধান্তকে সকলোৱে মানি ল’ব লাগিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “কাৰ্বি আংলঙৰ কিছু নিজস্ব নিয়ম-নীতি আছে। তেওঁলোকৰ পৰম্পৰাগত আদালত, ৰজা আছে। আমাৰো আইন আৰু আদালত আছে। এই বিষয়ত মুখ্যমন্ত্ৰী হিচাপে ক’বলৈ একো নাই। আইন-আদালতে যি ক’ব আমি তাকে মানি ল’ম।”

উল্লেখ্য যে, অসম বিধানসভাৰ উপাধ্যক্ষ তথা ডিফুৰ বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন আৰু পৰৱৰ্তী সময়ত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।

ডিফুত অনুষ্ঠিত এখন সংবাদমেলত মহিলাগৰাকীয়ে হাবে টেৰণৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল বুলি দাবী কৰিছে। মহিলাগৰাকীৰ দাবী অনুসৰি, হাবে টেৰণৰ সৈতে সম্পৰ্কৰ ফলত এটি সন্তান জন্ম হয় আৰু বৰ্তমান সন্তানটিৰ বয়স ৫ বছৰ।৫ বছৰীয়া সন্তানটিৰ পিতৃ হাবে টেৰণ। এই দাবী প্ৰমাণৰ বাবে সন্তানটিৰ DNA পৰীক্ষা কৰিবলৈও তেওঁ সাজু বুলি সংবাদমেলত প্ৰকাশ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *