ষষ্ঠদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা ।
১৪ ডিচেম্বৰ,সোমবাৰে পুৱা ৯.৩০ বজাৰ পৰা অসম বিধানসভাৰ সভাকক্ষত অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ’ব ।
অসম বিধানসভা সচিবালয়ে প্ৰকাশ কৰা অধিসূচনা অনুসৰি ষষ্ঠদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন ১৪ ডিচেম্বৰ সোমবাৰে পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব ।
অধিৱেশনখন দিছপুৰৰ বিধানসভা চৌহদৰ সভাকক্ষত অনুষ্ঠিত হ’ব ।
অধিৱেশনৰ কাৰ্যসূচী আৰু কিমান দিনলৈ অধিৱেশন চলিব সেই সম্পৰ্কে এই অধিসূচনাত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই । কেৱল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এক অধিসূচনাযোগে ১৪ ডিচেম্বৰ সোমবাৰে পুৱা ৯.৩০ বজাত দিশপুৰৰ বিধানসভা কক্ষত ষষ্ঠদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আহ্বান কৰিছে ।