কাজিৰঙাৰ ৰঙাজানত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। বৰ্তমানলৈ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে।
আজি কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়াসকলৰ পৰা পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ কৰি মুখ্যমন্ত্ৰীয়ে গভীৰ শোকপ্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই ঘটনা অতি মৰ্মান্তিক । টকাৰে এই মৃত্যুক জুখিব পৰা নাযায় ।” মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াল তথা নিকট আত্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ ক্ষতিপূৰণো ঘোষণা কৰে ।
আনহাতে মুখ্যমন্ত্ৰীয়ে জনোৱা মতে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা ২ লাখকৈ টকা মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ৷ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও ২ লাখকৈ টকা দিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দুৰ্ঘটনাত আহত ১০ গৰাকী লোকৰ অৱস্থা বৰ্তমান সুস্থিৰ । অৱশ্যে এতিয়াও ৬ গৰাকী লোক আইচিইউত আছে বুলি তেওঁ জনায় ।
মুখ্যমন্ত্ৰীয়ে কয়, “দুৰ্ঘটনাত নিহতসকলৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁলোকৰ ঘৰে ঘৰে অসম চৰকাৰৰ মন্ত্ৰীসকল যাব । শেষকৃত্য সম্পন্ন হোৱাৰ পিছত ময়ো নিহতসকলৰ ঘৰলৈ যাম ।”
দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ ইংগিত দি কয়, “দুৰ্ঘটনা ৰোধ কৰিবলৈ যান-বাহন আৰক্ষী কঠোৰ হ’ব লাগিব । এইক্ষেত্ৰত ৰাইজে আমাক বেয়া পালে নহ’ব । আমি কঠোৰ হ’লে বিৰোধী আৰু বিভিন্ন পক্ষই সমালোচনা কৰে । ৰাইজে প্ৰতিবাদ কৰে । চৰকাৰে যি সিদ্ধান্ত লয় ৰাইজৰ ভালৰ বাবে লয় । যান-বাহন আৰক্ষীক আপোনালোকে সহযোগ কৰক ।”
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “ট্ৰেভেলাৰৰ চালকজনৰ মৃতদেহ ভালদৰে মৰণোত্তৰ পৰীক্ষা কৰিব লাগিব । গাড়ী চলাই থাকোতে তেওঁৰ ষ্ট্ৰ’ক হ’ব পাৰে । দুৰ্ঘটনাৰ ফুটেজ আৰক্ষী অধীক্ষকে মোক দেখুৱাইছে । দুৰ্ঘটনাটো বিভিন্ন কাৰণত হ’ব পাৰে । তদন্তৰ সময়ত এই কথাবোৰ স্পষ্ট হ’ব ।”
ইতিমধ্যে দুৰ্ঘটনাত নিহতসকলৰ প্ৰায়বোৰৰ পৰিচয় পোৱা গৈছে । প্ৰশাসনে জনোৱা মতে দুৰ্ঘটনাত নিহতসকল হৈছে-
বেবী কৰ্মকাৰ (ৰঙাজান)
দৰ্পণা মাঝি (ৰঙাজান)
জ্যোতি মাঝি (ৰঙাজান, গোলাঘাট)
পূৰ্ণিমা গোৱালা (ৰঙাজান, গোলাঘাট)
অনুৰাগ গোৱালা (ৰঙাজান, গোলাঘাট)
ফাৰজানা য়াছমিন (চৰকাৰী মডেল কলেজ, কাজিৰঙা)
ৰঞ্জিতা খাতুৱাৰ উল্টাজান, গোলাঘাট)
সুশীল ভূমিজ (চাপজুৰি, গোলাঘাট)
সুজাতা তাঁতী (বিহৰা, গোলাঘাট)
জয়ন্তী ৰবিদাস (বিহৰা, গোলাঘাট)
গোলাপী বেগম (মৰঙি, গোলাঘাট)
দীপাঞ্জলি ৰংহাপি (কাৰ্বি আংলং)
দামিনী ঘাটোৱাল (জখলাবন্ধা, নগাঁও)
গংগা গোৱালা (কুঠৰি, নগাঁও)
ফইজুল ইছলাম (চামগুৰি, নগাঁও)
ৰছিদ আলী (জখলাবন্ধা, নগাঁও)
সুভাষ দাস, হেণ্ডিমেন (নগাঁও)
আব্দুল মজিদ, গাড়ীচালক (নগাঁও)
ফাৰুক আহমেদ (চামগুৰি, নগাঁও)
মীনা মিজাৰ (চুলুং, নগাঁও)
মহম্মদ আলী (নগাঁও)
মহম্মদ ৰফিক আলী (তুফানপুৰ,বিহাৰ)
দীপক গুৰুং (ৰঙাপাৰা, শোণিতপুৰ)
লক্ষী মাঝি
আনহাতে প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ দুগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই ।