১২ নৱেম্বৰত ২৪ ঘণ্টীৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প!
‘North East India Petroleum Dealers Association’ৰ বৃহত্তৰ গুৱাহাটী গোটে ১২ নৱেম্বৰত ২৪ ঘণ্টীয়া পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে।
‘North East India Petroleum Dealers Association সংস্থাটোৰ বিজ্ঞপ্তি অনুসৰি, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ গুৱাহাটী মহানগৰীত প্ৰতিবাদকল্পে পেট্ৰ’ল পাম্প বন্ধ ৰখা হ’ব।
তেল বিপণন কোম্পানীসমূহে ডিলাৰসকলৰ সৈতে ‘একপক্ষীয়’ আৰু ‘স্বেচ্ছাচাৰী’ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি সংস্থাটোৱে এই প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সংবাদ বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি, ডিলাৰসসমূহক কোনোধৰণৰ পূৰ্ব জাননী বা শুনানিৰ সুযোগ নিদিয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ যোগান বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে।
সংস্থাটোৱে অভিযোগ কৰা মতে, টেংকাৰৰ জৰিয়তে ইন্ধন পৰিবহণৰ বাবে পূৰ্বৰে পৰা চলি থকা Consortium ব্যৱস্থা কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ বাতিল কৰা হৈছে। ইয়াৰ ফলত ডিলাৰ আৰু পৰিবহণকাৰীসকল লোকচানৰ সন্মুখীন হৈছে। ইয়াৰ উপৰি ইণ্ডিয়ান অইলৰ এগৰাকী বিষয়াই এটা ডিলাৰক ইন্ধন যোগান বন্ধ কৰি দিয়াৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচন-এ।
আনহাতে, ডিলাৰৰ ওপৰত অতিৰিক্ত Lubricant ক্ৰয়ৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগো উত্থাপন কৰিছে সংগঠনটোৱে।
সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, ডিলাৰসমূহে লিগেল মেট্ৰ’লজি বিভাগৰ বিভিন্ন কামৰ বাবদ আগবঢ়োৱা ধন, Calibration Charge আৰু অন্যান্য অনুমোদিত ব্যয়ৰ ধনো দীৰ্ঘদিন ধৰি ঘূৰাই পোৱা নাই। এই ধনসমূহ ১৫ দিনৰ ভিতৰত আদায় দিয়াৰ দাবী জনাইছে সংস্থাই।
সংস্থাটোৱে স্পষ্ট কৰি দিছে যে উত্থাপিত অভিযোগসমূহৰ সমাধান নকৰিলে ১২ নৱেম্বৰৰ ২৪ ঘণ্টীয়া বন্ধৰ ১১ দিন পাছত, অৰ্থাৎ ২৩ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই সময়ছোৱাত কোনো ধৰণৰ পেট্ৰ’ল-ডিজেল ক্ৰয়-বিক্ৰয় কৰা নহ’ব বুলি সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।