ৰাজ্যজুৰি চোৰাং গৰুৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ অভিযান।
নিশা ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত চামগুৰি আৰক্ষীৰ অভিযান ।
অভিযানত জব্দ চোৰাং গৰু ভৰ্তি এখন ১৬চকীয়া এখন ট্ৰাক ।
উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহনখন।
জব্দকৃত বাহন খনৰ পৰা উদ্ধাৰ প্ৰায় ৪০ৰো অধিক চোৰাং গৰু।
জব্দকৃত চোৰাং গৰু ভৰ্তি বাহন খনৰ নম্বৰ NL01AA3256।
আনহাতে, আৰক্ষীৰ অভিযান ওমান পাই পলায়ন চোৰাং গৰু ভৰ্তি ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ।
বাহনখন জব্দ কৰি আৰক্ষীয়ে তদন্ত কৰাৰ লগতে উদ্ধাৰ হোৱা গৰু সমূহ প্ৰেৰণ কৰে নগাঁৱৰ গো-শালালৈ।