পাঠশালা তথা বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে পাঠশালাৰ দীপজ্যোতি পাটগিৰিয়ে।
বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰি দীপজ্যোতি পাটগিৰিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ অন্তৰ্গত Goddard Space Flight Centerত Postdoctoral Researcher হিচাপে গৱেষণা কৰাৰ সুযোগ লাভ কৰিছে।
অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাটগিৰি আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰমণী পাটগিৰিৰ সু-সন্তান দীপজ্যোতিয়ে শিক্ষানগৰী পাঠশালাতে নিজৰ শিক্ষা জীৱনৰ পাতনি মেলে।
পৰৱৰ্তী সময়ত তেওঁ IIT Roorkeeত উচ্চ শিক্ষা আৰু গৱেষণাত মনোনিৱেশ কৰে।
IIT ৰুৰকীত গৱেষণাকাৰ্য সম্পাদন কৰাৰ পাছত মহাকাশ বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাৰ এই সুযোগ লাভ কৰে।
অতি শীঘ্ৰেই দীপজ্যোতিয়ে আমেৰিকালৈ যাত্ৰা কৰি NASAৰ অন্যতম গুৰুত্বপূৰ্ণ গৱেষণা কেন্দ্ৰ Goddard Space Flight Centerত Postdoctoral Researcher হিচাপে নিজৰ গৱেষণাকাৰ্য আগবঢ়াব।
বিশ্বৰ আগশাৰীৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানটোৰ সৈতে কাম কৰাৰ এই সুযোগে কেৱল দীপজ্যোতিৰ ব্যক্তিগত কেৰিয়াৰতে নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞানপ্ৰেমী নৱপ্ৰজন্মৰ বাবেও এক আশাব্যঞ্জক বাৰ্তা কঢ়িয়াই আনিছে।
দীপজ্যোতিৰ এই সাফল্যত পিতৃ-মাতৃ, পৰিয়াল-পৰিজন, আত্মীয়-স্বজনৰ লগতে পাঠশালা আৰু বজালীবাসীৰ মাজত আনন্দৰ সৃষ্টি হৈছে।
বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত এগৰাকী অসমীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই সুযোগে ৰাজ্যখনৰ নৱপ্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি আৰু গৱেষণাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে বিভিন্নজনে।