সমাগত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা, মৃন্ময় প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকলৰ

সমাগত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। অহা ১৮ ছেপ্টেম্বৰত সমগ্ৰ দেশতে পালন কৰা হ’ব বিশ্বকৰ্মা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজাৰ আগতীয়া প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। শাৰী শাৰীকৈ আটকধুনীয়া ৰূপত সজাই তোলা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি। নিৰ্মাণ আৰু কাৰিকৰী শিক্ষাৰ সৈতে জড়িত থকা সকলৰ আৰাধ্য দেৱতা বিশ্বকৰ্মাৰ পূজাৰ বাবে যেন এতিয়া সকলো সাজু।

জামুগুৰিহাটৰ টুপীয়াৰ মা দূৰ্গা শিল্পালয়ৰ মৃতশিল্পী সকল বিশ্বখনিকৰ বিশ্বকৰ্মাৰ মূৰ্ত্তি নিৰ্মাণৰ কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে। বিশ্বকৰ্মা পূঁজালৈ মাজত মাত্ৰ দুটা দিন বাকী সেয়েহে এতিয়া ব্যস্ততাৰ অন্ত নাই মা দূৰ্গা শিল্পালয়ৰ মৃতশিল্পী সকলৰ।

প্ৰায় ষাঠিৰো অধিক বিশ্বকৰ্মা মুৰ্ত্তি নিৰ্মাণ কৰি উলিয়াইছে শিল্পী তৈলক্য ফুকনে। নদুৱাৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰাও বিশ্বকৰ্মা মূৰ্ত্তিৰ অৰ্ডাৰ আহিছে বুলি জানিবলৈ দিয়ে মৃতশিল্পী গৰাকীয়ে। এই মা দূৰ্গা শিল্পালয়ে বিগত ১৮ বছৰ ধৰি এনেদৰই মূৰ্ত্তি নিৰ্মাণ কৰি আহিছে।

স্বত্বাধিকাৰীয়ে সেয়েহে ভক্ত সকলক আহ্বান জনায় যে এই মা দূৰ্গা শিল্পালয়ত উন্নত মানৰ মূৰ্ত্তি পোৱা যাব বুলি।সমগ্ৰ অসমবাসীৰ প্ৰতি বিশ্বখনিকৰ বিশ্বকৰ্মা পূঁজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে মৃতশিল্পী গৰাকীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *