শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ লৈ মাজত মাত্ৰ কেইটামান দিন

শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ লৈ মাজত মাত্ৰ কেইটামান দিন।

ৰাজ্যজুৰি চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি।কন-কন শিশুৰ লগতে যুৱক-যুৱতী, মহিলা সকল ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৮০সংখ্যক চামগুৰিৰ সাৰ্বজনীন ৰাস মহোৎসৱৰো ব্যপক প্ৰস্তুতি।

চামগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা অহা যুৱতী-মহিলা সকল এতিয়া ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত। অহা ২৪আৰু ২৫নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাসৰ বাবে প্ৰায় শতাধিক যুৱতী-মহিলা ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত।বিগত বৰ্ষৰ দৰে এইবাৰো গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আৰ্হিত মঞ্চস্থ হ’ব চামগুৰিৰ ৰাস মহোৎসৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *