গুদামঘৰত হঠাতে জুইৰ সূত্ৰপাত;ভস্মীভূত গুদামঘৰ, ব্যাপক ক্ষতিসাধন

তিনিচুকীয়া চহৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড।

দেওবাৰে নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত ঠাণ্ডা ঘৰৰ সমীপত থকা এটা গুদামঘৰত হঠাতে জুইৰ সূত্ৰপাত ঘটে। অগ্নিকাণ্ডৰ ফলত গুদামঘৰটোত ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

নিশাৰ নিস্তব্ধতাৰ মাজতে হঠাৎ আকাশলৈ উঠিল জুইৰ লেলিহান শিখা। লগে লগে অঞ্চলজুৰি আতংকময় পৰিৱেশৰ।সৃষ্টি হয়।

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা প্ৰায় ১০ বাজি ৩০ মিনিটত এটা গুদামঘৰত হঠাতে জুইৰ সূত্ৰপাত ঘটে। মুহূৰ্তৰ ভিতৰতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত গুদামঘৰটোত থকা সামগ্ৰীৰ ব্যাপক ক্ষতিসাধন হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে জুই নিৰ্বাপনৰ কাম আৰম্ভ কৰে। অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

কিন্তু কেনেকৈ এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *