শোকাৱহ ঘটনা; ৰে’লৰ খুন্দাত নিহত এজন লোক

তিতাবৰত শোকাৱহ ঘটনা। চলন্ত ৰে’লৰ খুন্দাত থিতাতে নিহত এজন লোক। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, তিতাবৰৰ ধলি চাহ বাগিচাৰ ৰে’ল গেটত এক কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। উজনিমুৱা এখন ‘ডেমু পেচেঞ্জাৰ’ ৰে’লৰ খুন্দাত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। নিহত লোকজন ধলি চাহ বাগিচা অঞ্চলৰে বাসিন্দা মণ্টু কালন্দী বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। কি কাৰণে লোকজনে এই ঘটনা সংঘটিত কৰিলে
সেই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই মণ্টু কালন্দীৰ পৰিয়াল তথা সমগ্ৰ ধলি চাহ বাগিচা অঞ্চলটোলৈ গভীৰ শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *