মণিপুৰত ভয়াৱহ উগ্ৰপন্থী আক্ৰমণৰ ঘটনা। জিলাখনৰ নুংচাং কঙৰ লুংশাং নদীৰ সমীপত দুষ্কৃতিকাৰীৰ অতৰ্কিত আক্ৰমণ ফলত আছাম ৰাইফলছৰ দুজন জোৱান থিতাতে নিহত।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে বিয়লি প্ৰায় ১:৩০ বজাত উখ্ৰুল জিলা সদৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ নিলগত অৱস্থিত নুংচাং কঙৰ সমীপত আছাম ৰাইফলছৰ এটা দল যেতিয়া ৪০ নম্বৰ আছাম ৰাইফলছৰ ‘চাংশাক বেটেলিয়ন’ৰ মুখ্য কাৰ্যালয়লৈ উভতি আহি আছিল, ঠিক সেই সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা সশস্ত্ৰ দুষ্কৃতিকাৰীয়ে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা আৰু বোমা বিস্ফোৰণ ঘটায়।
এই আক্ৰমণত ৪০ নম্বৰ আছাম ৰাইফলছৰ ৱাৰেণ্ট অফিচাৰ বলৱন্ত সিং আৰু বাহনখনৰ চালক হিচাপে কৰ্তব্যৰত হাবিলদাৰ চি. এম. সিং থিতাতে শ্বহীদ হয়।
প্ৰত্যক্ষদৰ্শী গাঁৱৰ ৰাইজৰ মতে, অতৰ্কিত আক্ৰমণৰ পাছৰে পৰা দুয়োপক্ষৰ মাজত প্ৰায় ২ ঘণ্টাতকৈও অধিক সময় ধৰি তীব্ৰ গুলীয়াগুলী আৰু বিস্ফোৰণ সংঘটিত হয়।
গুলীৰ শব্দত সমীপৰ ধাননি পথাৰত কাম কৰি থকা কৃষকসকলে প্ৰাণৰ ভয়ত সুৰক্ষিত স্থানলৈ পলায়ন কৰে। এই আক্ৰমণৰ আঁৰত কোনটো উগ্ৰপন্থী সংগঠন জড়িত আছে, সেই বিষয়ে বৰ্তমানলৈকে কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।
আছাম ৰাইফলছ বা নিৰাপত্তা বাহিনীৰ তৰফৰ পৰাও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই।