যাত্ৰীবাহী বাছ আৰু এখন মটৰচাইকেলৰ মাজত প্ৰচণ্ড খুন্দা;গুৰুতৰভাৱে আহত বাইক আৰোহী

ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আঠানিৰ মণিপুৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ আৰু এখন মটৰচাইকেলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ ফলত গুৰুতৰভাৱে আহত বাইক আৰোহী।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত AS-15-AC-5972 নম্বৰৰ যাত্ৰীবাহী বাছখনৰ সৈতে AS-17-P-7307 নম্বৰৰ বাইকখনৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে বাইকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় আৰু আৰোহীজন পকী পথত ছিটিকি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাটোত আহত বাইক আৰোহীজনক মাক্ৰিঝোৰাৰ বাসিন্দাএক্রামূল হক বুলি চিনাক্ত কৰা হৈছে।দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত অৱস্থাত পৰি থকা যুৱকজনক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (DMCH) ভৰ্তি কৰায়।

আহত যুৱকজনক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে। বৰ্তমান যুৱকজনৰ অৱস্থা অতি আশংকাজনক বুলি জানিব পৰা গৈছে।

ইফালে, দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আঠানি আৰক্ষী চকীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছখন আৰু বাইকখন জব্দ কৰি আৰক্ষী চকীলৈ লৈ আনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *