তিনিচুকীয়াৰ কাকপথাৰৰ মৰাণ লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক আজি সদৌ অসম ছাত্ৰ সন্থাই পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে।
এই উপলক্ষে গুৱাহাটীৰ চান্দমাৰীস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ লগতে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীয়ৰী অলকা পাণ্ডে উপস্থিত থাকে।