মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিছিল নতুন দিল্লীত থকা জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ’নোৱে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, ইলেক্ট্ৰনিক্স ছেমিকণ্ডাক্টৰ আৰু উৎপাদন তথা উদ্যোগ আৰু উদ্যোমিতা ক্ষেত্ৰখনত পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত সহমত পোষণ কৰে তেওঁ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত পষ্ট কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে…-জাপানৰ মাননীয় ৰাষ্ট্ৰদূত কেঈচি অ’নো ডাঙৰীয়াৰ সৈতে কালি ফোনযোগে এক আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ কৰোঁ। আমাৰ এই আলোচনা কালত তেখেতে ভাৰতৰ এক্ট ইষ্ট পলিচীৰ অধীনত অসমৰ সৈতে জাপান চৰকাৰৰ চলি থকা অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ আৰু উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত আমি উমৈহতীয়াভাৱে সহমত প্ৰকাশ কৰোঁ। অনাগত দিনসমূহত অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক নিবিড় সংযোগ আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ অসম সদায়েই আশাবাদী।