ইতিহাস জৰ্জৰিত বহু কাহানি বুকুত লৈ আমাৰ মাজৰ পৰা চিৰ বিদায় ল’লে নামৰূপ সাৰকাৰখানা Unit 1য়ে

এটা যুগৰ অৱসান ঘটিল! ভাঙি পেলোৱা হ’ল নামৰূপ সাৰ কাৰখানাৰ Unit 1। স্থাপন হ’ব ‘অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড’।

১৯৬৯ চনৰ ১ জানুৱাৰীত দেশৰ প্ৰথমটো প্ৰাকৃতিক গেছ ভিত্তিক সাৰ কাৰখানা হিচাপে উৎপাদন আৰম্ভ কৰা ঐতিহাসিক ‘নামৰূপ-১’ (Namrup-1) গোটটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। ইয়াৰ ঠাইত এতিয়া মূৰ দাঙি উঠিব অসমৰ ঔদ্যোগিক আৰু কৃষি ক্ষেত্ৰলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলগীয়া নতুন যৌথ উদ্যোগ ‘অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড’ (AVFCCL)।

পুৰণি স্মৃতিক বিদায় দি নামৰূপে এতিয়া সাজু হৈছে এক আধুনিক, সৰ্ববৃহৎ আৰু অত্যাধুনিক ‘এম’নিয়া-ইউৰিয়া’ প্লাণ্টক আদৰিবলৈ।

নামৰূপৰ এই নৱৰূপ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ বাবে কঢ়িয়াই আনিব এক স্বাৱলম্বী ভৱিষ্যত আৰু সৃষ্টি কৰিব হাজাৰ হাজাৰ নিয়োগৰ সুযোগ!

Leave a Reply

Your email address will not be published. Required fields are marked *