মাজুলীৰ নয়া বজাৰত অগ্নিকাণ্ড;ভস্মীভূত ৭টাকৈ ভাড়াঘৰ

দীপাৱলীৰ আনন্দৰ মাজতে মাজুলীৰ নয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত নয়া বজাৰৰ গণেশ দেৰ বাসগৃহত থকা ৭ টাকৈ ভাড়াঘৰ।

প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় অগ্নিকাণ্ডত।

ভাড়াঘৰত থকা সম্পত্তি সমূহৰ লগতে এখন স্কুটি জাহ যায় অগ্নিকাণ্ডত।

বৰ্তমানলৈকে অগ্নিকাণ্ডত কাৰণ জানিব পৰা হোৱা নাই।

জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজৰ সহযোগত কিছু পৰিমানে অগ্নিনিৰ্বাপন কৰা হয় ।

স্থানীয় ৰাইজে অগ্নিনিৰ্বাপন কৰাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় ।

ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত সম্পূৰ্ণৰূপে অগ্নিনিৰ্বাপন কৰা হয়।

উজনি মাজুলীৰ জেংৰাইমুখত থকা অগ্নিনিৰ্বাপক বাহিনীৰ অফিচৰ পৰা নয়াবজাৰলৈ দূৰত্ব হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ কিছু পলম হয় সেইবাবে উজনি মাজুলীৰ ৰাইজে নয়াবজাৰত এটা অগ্নিনিৰ্বাপক বাহিনীৰ অফিচ স্থাপনৰ দাবী জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *