মাজনিশা হাস্পতালৰ নৱজাতকৰ বিশেষ কেয়াৰ ইউনিট ভয়ংকৰ অগ্নিকাণ্ড! শ্বাসৰুদ্ধ হৈ নিষ্পাপ শিশুৰ মৃত্যু

সোমবাৰে পুৱতিনিশা মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা হাস্পতালৰ নৱজাতকৰ বিশেষ কেয়াৰ ইউনিট (NICU)-ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত মৃত্যু হয় তিনিটা।নৱজাতকৰ

জানিব পৰা মতে, NICU-ৰ ভিতৰত থকা এটা ভেণ্টিলেটৰৰ পৰা হঠাতে বিস্ফোৰণ বা শ্বৰ্ট চাৰ্কিটৰ ফলতেই পুৱা প্ৰায় ৩.৩০ বজাত হাস্পতালখনৰ তৃতীয় মহলাত জুই লাগে।দুৰ্ভাগ্যজনকভাৱে এই অগ্নিকাণ্ডত শ্বাসৰুদ্ধ হৈ ৩টা নৱজাতক শিশুৰ মৃত্যু হয়।

প্ৰাথমিক তথ্য অনুসৰি, ভয়ংকৰ এই দুৰ্ঘটনাটো পুৱতিনিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হয়। হাস্পতালখনৰ তৃতীয় মহলাত থকা NICU-ত হঠাতে জুই লাগে। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে ভেণ্টিলেটৰত হঠাতে শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত এটা ভয়ংকৰ বিস্ফোৰণ ঘটে আৰু অতি কম সময়ৰ ভিতৰতে ধোঁৱা আৰু জুই সমগ্ৰ ৱাৰ্ডটোত বিয়পি পৰে।

উল্লেখ্য যে, হাস্পতালখনৰ NICUত মুঠ ৩৯টা নৱজাতকৰ চিকিৎসা চলি আছিল। শ্বৰ্ট চাৰ্কিটৰ ফলত বিস্ফোৰণৰ শব্দ আৰু ধোঁৱা বিয়পি পৰাৰ লগে লগে কৰ্তব্যৰত চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলে তৎপৰ হৈ পৰে। শিশুসকলক উদ্ধাৰ কৰিবলৈ অতি সাৱধানতাৰে সকলো স্তৰৰ স্বাস্থ্যকৰ্মীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। নিজৰ জীৱন বিপন্ন কৰি হাস্পতালৰ কৰ্মীসকলে এটাৰ পাছত এটাকৈ শিশুক বাহিৰলৈ উলিয়াই আনে। তেওঁলোকৰ সাহসী প্ৰচেষ্টাৰ ফলত বহু শিশুৰ জীৱন ৰক্ষা পৰে। অৱশ্যে জুইৰ তাপ আৰু ধোঁৱা সহ্য কৰিব নোৱাৰি দুৰ্ভাগ্যজনকভাৱে শ্বাসৰুদ্ধ হৈ ৩টা নিষ্পাপ শিশুৰ মৃত্যু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *