কৃত্ৰিম বানৰ কৱলত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা;যমৰ যাতনা ভুগিছে বটদ্ৰৱা থানলৈ অহা দৰ্শনাৰ্থী

কৃত্ৰিম বানৰ কৱলত বটদ্ৰৱা থান। একঁকাল পানী সত্ৰৰ গৃহস্থৰ চোতালত।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান চৌহদত হোৱা বানৰ বাবে তীৰ্থযাত্ৰী, ভকত বৈষ্ণৱৰ সৃষ্টি হৈছে আহুকাল পৰিস্থিতিৰ

বিগত কিছুদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বটদ্ৰৱা অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত তীৰৰ সমগ্ৰ অঞ্চল, পৰ্যটক নিৱাস, হাটীবহা, পানীৰ তলত থকাৰ উপৰিও বটদ্ৰৱা শলগুৰি সত্ৰ আৰু নৰোৱা সত্ৰৰ প্ৰতিঘৰ লোকৰ চোতালত বুৰ যোৱা লগতে দুই সত্ৰসংযোগী পথসমূহ পানীৰ তলত বুৰ যোৱা উপৰিও শতাধিক লোকৰ ঘৰৰ ভিতৰত পানী সোমাইছে। বহু পৰিয়াল জলবন্দী হৈ আছে।

ইফালে পবিত্ৰ ভাদ মাহত বটদ্ৰৱালৈ অহা তীৰ্থযাত্রী, ভকত বৈষ্ণৱসকলেও চৌদিশে হৈ থকা কৃত্ৰিম বানপানীৰ বাবে থান দৰ্শন কৰাত অসুবিধাত পৰিছে।

পবিত্ৰ তীৰ্থস্থান বটদ্ৰৱাৰ এই অনাহুত পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে ব্যবস্থা গ্ৰহণ কৰিবলৈ বটদ্ৰৱা থান পৰিচালনা সমিতি, তীৰ্থযাত্ৰীয়ে চৰকাৰৰ ওচৰত দাবী তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *