বৈদ্যুতিক খুঁটিত খুন্দা বাইকৰ;নিহত যুৱক

বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

বজালী জিলাৰ ৰিহাবাৰীত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাত।

দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।

নিহত যুৱকজনক ৰিহাবাৰীৰ দেৱাশীষ দাস (২৪) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, যুৱকজনে বন্ধুৰে বাইকেৰে গৈ থকা অৱস্থাত বাইকখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা বিদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে মৃত্যুক সাবটি লয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত বজালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ প্ৰাথমিকভাৱে অনুসন্ধান চলাইছে।

ইফালে, এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰিহাবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *