বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কুচকাৱাজ আৰম্ভ

২০২৬ চনত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে।

নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। আজি এই সভাৰ দ্বিতীয়টো দিন।

পুৱাৰে পৰা আৰম্ভ হোৱা কাৰ্যনিবাহকৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি অসমৰ উন্নয়ন ৰাজ্যিক বিজেপিৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, এই কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে গুৱাহাটীত বাহৰ পাতিছে। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে দলীয় কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰা দেখা গৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *