বাক্সা জিলাৰ শালবাৰীত আজি নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে শালবাৰী মহকুমা আৰক্ষী প্ৰশাসনে এক সজাগতা সমদলৰ আয়োজন কৰে।
শালবাৰী আৰক্ষী থানাৰ পৰা শালবাৰী বজাৰলৈ উলিওৱা এই সজাগতা সমদলত শালবাৰী মহকুমা আৰক্ষী বিষয়া দেৱাশীষ কায়স্থই অংশগ্রহণ কৰি যুৱ প্ৰজন্মৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ লোকক নিচাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।
উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীত শালবাৰী আৰক্ষীৰ লগত শালবাৰী মহাবিদ্যালয় আৰু শালবাৰী উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলেও অংশগ্রহণ কৰে।