দক্ষিণ শালমাৰা–মানকাচৰ জিলা আৰক্ষীৰ উদ্যোগত আজি নিচামুক্ত ভাৰত অভিযানৰ অধীনত ড্ৰাগছবিৰোধী সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
হাটশিঙিমাৰীস্থিত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ NSS গোটৰ ছাত্ৰ-ছাত্ৰীসকলে ড্ৰাগছৰ ভয়াৱহতা সন্দৰ্ভত এখন বাটৰ নাট প্ৰদৰ্শন কৰে।
বাটৰ নাটৰ পাছতে ড্ৰাগছৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এটা বাইক ৰেলী উলিওৱা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰে ৰেলীটোৰ শুভাৰম্ভ কৰে।