কঠোৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব লৈ খানাপাৰাৰ ষ্টাফ কলেজত বন বিভাগৰ পৰ্যালোচনা বৈঠক মন্ত্ৰীগৰাকী। বৈঠকত বন বিভাগৰ একাংশ বিষয়াক সতৰ্ক কৰি দিলে বনমন্ত্ৰীগৰাকীয়ে।
বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘‘৩ বছৰ একেঠাইতে থকা সকল বেলেগ ঠাইলৈ যাবলৈ সাজু হওক। ধনৰ বিনিময়ত বন বিভাগত নচলিব বদলি। মন পছন্দৰ ডিভিজন, ৰেঞ্জ, বীট অফিচত বছৰ বছৰ ধৰি বহি থকা চিষ্টেম আজিৰ পৰা নচলিব।’’।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ‘‘ধনৰ বিনিময়ত বদলিৰ অভিযোগ পালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এতিয়াৰে বন বিভাগত টকা দি প’ষ্টিং লাভ নচলিব৷ ২০ লাখ, ৩০ লাখ, ৬০ লাখ টকা দি প’ষ্টিং পোৱাত ফুলষ্টপ পৰিল।’’ পৰিৱেশ আৰু বন বিভাগৰ পৰ্যালোচনা বৈঠকত সাৱধানৱাণী দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘মোৰ সতীৰ্থ, মোৰ লগত থকা মানুহকো আপোনালোকে ৰদ-বদলৰ নামত টকা নিদিব৷ টকা বিচাৰিলে মোক WhatsAppত লগে লগে জনাই দিব৷ মাছ যেনেকৈ মূৰৰ পৰা গেলে, বন বিভাগতো দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা৷ বন বিভাগৰ এনে বহু বিষয়া আছে কাগজত এটা তথ্য দিয়ে আৰু প্ৰকৃত তথ্য বেলেগ। ৰাজহক লৈ ভুল তথ্য দিয়া সকল সাৱধান’’