নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰিল বাহন; নিহত SBIৰ দুজন কৰ্মচাৰী

ধেমাজি গুটুং হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

লক্ষীপথাৰ দিশৰ পৰা ধেমাজি নগৰলৈ আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে বাহনখন।ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় SBIৰ দুজন কৰ্মচাৰী।

নিহত হোৱা ব্যক্তি দুজনৰ এজনৰ ঘৰ জোনাই আৰু এজনৰ ঢকুৱাখনাত বুলি জনাব পৰা গৈছে।দুৰ্ঘটনাটোত SBI ধেমাজিৰ মূল শাখাৰ কেচিয়াৰ হিৰক জ্যোতি মিলি আৰু একাউণ্টেণ্ট ৰাতুল কোঁৱৰ।

নিশা স্থানীয় ৰাইজৰ সহায়ত পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ দুটা।

Leave a Reply

Your email address will not be published. Required fields are marked *