দলগাঁৱৰ ২ নং মাজগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

দলগাঁৱৰ ২ নং মাজগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। সংঘাতত গুৰুতৰভাবে আহত চাৰিজনকৈ লোক। সংকটজনক অৱস্থাত ICU ত ভৰ্তি আব্দুল কৰিম নামৰ এজন লোক।

ভুক্তভোগীৰ অভিযোগ অনুসৰি- দলগাঁৱৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ২ নং মাজগাঁৱৰ ছাদ্দাম হুছেইনে একেখন গাঁৱৰ জমিৰ আলীৰ পৰিয়ালৰ পৰা আঢ়ৈ বিঘা ভূমি ক্ৰয় কৰি পঞ্জীয়ন কৰি লয়। তাৰ পিছৰে পৰা বিভিন্ন চলনাৰে থানাত এজাহাৰ দাখিল কৰি মাটিখিনি ঘূৰাই লোৱাৰ চেষ্টা কৰি আহিছে জমিৰ আলীৰ পৰিয়ালে। এনেকৈ চলি থাকোতেই মঙলবাৰে আবেলিৰ সংঘাতে লয় ভয়ংকৰ ৰূপ।

ছাদ্দাম হুছেইনৰ বাসগৃহত প্ৰৱেশ কৰি মাতৃ-পত্নী আৰু জ্যেষ্ঠ ভাতৃক আক্ৰমণ কৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰে। সম্প্ৰতি জ্যেষ্ঠ ভাতৃ কৰিম আলী খাৰুপেটীয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICU ত ভৰ্তি। সংঘাতৰ অন্ত নেপেলাই নিশা জমিৰ আলীৰ পৰিয়ালে ছাদ্দাম হুছেইনৰ বাসগৃহ জ্বলাই দিয়াৰো উঠিছে অভিযোগ। সম্প্ৰতি জমিৰ আলীৰ পৰিয়ালে নিজ বাসগৃহ জ্বলাই ছাদ্দাম হুছেইনৰ পৰিয়ালৰ ওপৰত দোষ জাপি দিয়াৰ ভাবুকিৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়াত ভুক্তভোগী পৰিয়ালটোৱে নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে।

Leave a Reply

Your email address will not be published. Required fields are marked *