আজিৰে পৰা ৯ দিনীয়াকৈ আৰম্ভ পুৰীৰ ঐতিহাসিক ৰথ যাত্ৰা

আজিৰে পৰা ৯ দিনীয়াকৈ আৰম্ভ পুৰীৰ ঐতিহাসিক ৰথ যাত্ৰা। নন্দিঘোষ, দৰ্পদলন, আৰু তালাধ্বজত উঠি মাহীয়েকৰ ঘৰলৈ ওলাল প্ৰভু জগন্নাথ, ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰা।

জগন্নাথ ৰথ যাত্ৰাৰ শুভ উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিক শুভেচ্ছা ।

সামাজিক মাধ্যমযোগে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ।সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীগৰাকী প’ষ্ট কৰে, “জগন্নাথ ৰথ যাত্ৰাৰ শুভ উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো।এই মহান উৎসৱ আমাৰ দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক উজ্জ্বল প্ৰকাশ।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ভগৱান জগন্নাথৰ ৰথযাত্ৰা কেৱল ধৰ্মীয় উৎসৱ নহয়।ই ভক্তি, ঐক্য, ভাতৃত্ববোধ আৰু মানৱতাৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰে। ৰথৰ ৰছী টানি সকলো শ্ৰেণীৰ লোক একত্ৰিত হয়।এইটোৱেই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰকৃত সৌন্দৰ্য্য।”

এই শুভ দিনটোত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সুখ, শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য কামনা কৰে। তেওঁ প্ৰাৰ্থনা কৰে, “ভগৱান জগন্নাথৰ আশীৰ্বাদত আমাৰ দেশ প্ৰগতিৰ পথত আৰু আগুৱাই যাব।প্ৰতিটো পৰিয়াললৈ সুখ আৰু সমৃদ্ধি আহক।”

Leave a Reply

Your email address will not be published. Required fields are marked *