তেজপুৰ বিশ্ববিদ্যালয়ত অঘটন; বিল্ডিংৰ চতুৰ্থ মহলাৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত অঘটন।তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত গৃহ নিৰ্মাণৰ কামত নিয়োজিত আবাস গৃহৰ চি টাইপ বিল্ডিংৰ চতুৰ্থ মহলাৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

উল্লেখ্য যে, আব্বাছ উদ্দিন ওৰফে বুলবুল নামৰ ২০ বছৰীয়া শ্ৰমিকজন চতুৰ্থ মহলাৰ তললৈ পৰি যোৱাৰ ফলত গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকজনক তেজপুৰৰ ডৰিকা হাস্পতাললৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

নিহত আব্বাছ হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত শলমাৰি গাৱৰ আব্দুল দলিলৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। শ্ৰমিকজনে ওপৰত কাম কৰাৰ সময়ত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা, কঁকালত হুকিং ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *