পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশা।
এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ।
এইবাৰ উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিবলৈ অসমত উপস্থিত হৈছে বিশ্বখ্যাত WWE মল্লযোদ্ধা ‘দ্য গ্ৰেট খালী’। বানপীড়িত লোকসকলক সহায়-সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মল্লযোদ্ধাগৰাকী।
ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত শিৱসাগৰৰ দৰিকালৈ যাত্ৰা কৰে ‘দ্য গ্ৰেট খালী’য়ে।
দৰিকালৈ যোৱাৰ পথত মৰাণৰ ‘পেচিফিকা ইন’ হোটেলত কিছু সময় জিৰণি লয় দ্য গ্ৰেট খালী।
সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে সংকটৰ সময়ত অসহায় লোকৰ কাষত থিয় দিয়াটো প্ৰতিগৰাকী মানুহৰে দায়িত্ব। বানপীড়িত লোকসকলক সহায় কৰিবলৈ অসমৰ লগতে দেশৰ আন প্ৰান্তৰ লোককো আগবাঢ়ি আহিবলৈ আহ্বান জনায় মল্লযোদ্ধাগৰাকীয়ে।
‘দ্য গ্ৰেট খালী’ৰ এই সাহায্য অভিযানত সহযোগিতা আগবঢ়াইছে ‘ট্ৰু হোপ ফাউণ্ডেশ্বন’, ‘আয়ান ফাউণ্ডেশ্বন’ আৰু কণ্ঠশিল্পী দীপলিনা ডেকা ফাউণ্ডেশ্বনে। শিৱসাগৰৰ বানপীড়িত দৰিকা অঞ্চলৰ প্ৰায় ৪০০ৰ পৰা ৫০০টা পৰিয়ালৰ বাবে বিছনা, কম্বল, গাৰু, পানী ফিল্টাৰকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ‘দ্য গ্ৰেট খালী’য়ে।