নিশা চামগুৰিৰ হেমাবড়িত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱক।
১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
কলিয়াবৰৰ পৰা নগাওঁ অভিমুখে আহি থকা অৱস্থাত তীব্ৰ বেগত এখন চেণ্ট্ৰ’ বাহনে এখন টেংকাৰৰ পাছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
নিহত ব্যক্তি গৰাকী নগাওঁ বৰ বজাৰৰ আবু ইফটিজান জাহান বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা চেণ্ট্ৰ’ বাহনখনৰ নম্বৰ হৈছে AS 02 A 6590।
ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে NMCHলৈ।