BPFৰ উদ্যোগত চিৰাং জিলাৰ কাজলগাঁৱত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। আজি পুৱা BPFৰ পতাকা উত্তোলন কৰি মহোৎসৱৰ শুভাৰম্ভ কৰে BTCৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰীয়ে। আনহাতে, মহোৎসৱৰ পতাকা উত্তোলন কৰে বিধায়ক পানীৰাম ব্ৰহ্মই। উল্লেখযোগ্য যে, মহোৎসৱৰ সৈতে সংগতি ৰাখি ক্ৰীড়া আৰু সাংস্কৃতিক দিশত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।