মন্ত্ৰী কৌশিক ৰায়ে আজি গোলাঘাটত উপস্থিত হৈ বিভিন্ন আঁচনি আৰু আন্তঃগাঁথনিমূলক কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমে দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সামূহিক ভৱনত স্থাপন কৰা বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প আৰু খোৱাপানীৰ বুথসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পাছতে, তেওঁ গোলাঘাট পৌৰসভাৰ অধীনৰ বজাৰ কমপ্লেক্স, চাউলৰ বজাৰ আৰু তেতেলীতলৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে। আনহাতে, মন্ত্ৰী ৰায়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। বৈঠকত তেওঁ খাদ্য আৰু ৰাজহুৱা বিতৰণ, সমবায় তথা নগৰ উন্নয়ন বিভাগৰ কাম-কাজৰ লগতে জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। (