মৰিগাঁও ধৰমতুলত প্ৰস্তাৱিত মেক্স (Max) চিমেণ্টৰ কাৰখানা নিৰ্মাণৰ বিৰুদ্ধে বিশাল ৰাজহুৱা সভা।
ধৰমতুল শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ কলা-কৃষ্টি কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত জিলাখনৰ কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্বৰ লগতে অঞ্চলটোৰ কৃষিজীৱি ৰাইজ সমবেত হোৱা দেখিবলৈ পোৱা যায়।
উদ্যোক্তা আৰু ৰাইজে জানিব দিয়া অনুসৰি, অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্য, প্ৰদূষণমুক্ত পৰিৱেশ আৰু ৰাইজৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থতহে তেওঁলোকে মেক্স চিমেণ্টৰ কাৰখানা স্থাপনৰহে তীব্ৰ বিৰোধিতা কৰিছে কিন্তু চৰকাৰ বা কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে নহয়।
পৰিৱেশ বিনষ্টকাৰী এই কাৰখানাটোৰ স্থাপন প্ৰক্ৰিয়া অনতিপলমে বাতিল কৰিবলৈ সভাত উপস্থিত থকা ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক বিনম্ৰভাৱে আহ্বান জনায়।