জব্দ ৮ কোটি টকা মূল্যৰ ৪০ হাজাৰ নিচাজাতীয় টেবলেট

অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান । শুকুৰবাৰে সোণাই ৰোডৰ এটা গোডামৰ পৰা ১৪ কোটি টকা মুল্যৰ ৭০ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ ২৪ ঘন্টাৰ ভিতৰত শনিবাৰে পুনৰ ধলাইত ৪০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে কাছাৰ আৰক্ষীয়ে।

গোপন তথ্যৰ‌ ভিত্তিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত লাইলাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাকৰ গগৈসহ আৰক্ষীৰ দল এটাই ধলাই থানাৰ সপ্তগ্ৰামত অভিযান চলাই জব্দ কৰে নিচাজাতীয় টেবলেটখিনি। এ এছ ১১-এ জি-২২০৯ নম্বৰৰ স্কুটীত তালাচী চলাই আৰক্ষীয়ে স্কুটীখনৰ ডিকিৰ পৰা ৪০ হাজাৰ য়াবা টেবলেট জব্দ কৰে।

৪ টা পেকেটত ভৰাই অনা য়াবা টেবলেটখিনিৰ ওজন ৪ কেজি ৩৬৩ গ্ৰাম বুলি সদৰী কৰিছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে। জব্দ কৰা টেবলেটখিনিৰ‌ ক’লা বজাৰত মূল্য প্ৰায় ৮ কোটি টকা বুলিও লগতে জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।

টেবলেটখিনি সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে স্কুটি খনৰ চালক আৰু পিছফালে বহি অহা এজন আৰোহীক গ্ৰেপ্তাৰ কৰিছে ।

ধৃত‌ ব্যক্তি দুজন সপ্তগ্ৰামৰ‌ জিয়াবুৰ ৰহমান বৰভূঁঞা আৰু তৈয়বুৰ ৰহমান বৰভূঞা। পিছত, তৈয়বুৰ ৰহমান বৰভূঁঞাৰ গুদামত তালাচী চলাই আৰক্ষীয়ে ৪ বস্তা সন্দেহযুক্ত বাৰ্মিজ চুপাৰিও জব্দ কৰে। জব্দ কৰা চুপাৰি খিনিৰ ওজন১৫৫ কিলোগ্ৰাম বুলি সদৰী কৰিছে আৰক্ষীয়ে। এই সংক্ৰান্তত ধলাই থানাত‌ গোচৰ ৰুজু কৰি‌ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *