ঘোষণা অসম প্ৰদেশ কংগ্ৰেছে বিধায়িনী দলৰ নেতা আৰু উপ-দলপতিৰ নাম

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত। ঘোষণা অসম প্ৰদেশ কংগ্ৰেছে বিধায়িনী দলৰ নেতা আৰু উপ-দলপতিৰ নাম

বীৰসিং জৰুৱাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীক কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।

আনহাতে, নাওবৈচা সমষ্টিৰ বিধায়ক ডাঃ জয় প্ৰকাশ দাসক বিধায়িনী দলৰ উপ-দলপতি হিচাপে দায়িত্ব দিয়া হৈছে।

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ২১ দিন পিছতো কংগ্ৰেছে বিধায়িনী দলৰ নেতাৰ নাম ঘোষণা নকৰাত দলীয় মহলত নানা জল্পনা-কল্পনাই দেখা দিছিল। অৱশেষত আজি দলীয় নেতৃত্বই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *