কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ ভাড়াঘৰত EDৰ অভিযান

কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ ভাড়াঘৰত EDৰ অভিযান বুধবাৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে কেৰালাম আৰু বেংগালুৰুৰ প্ৰায় ১০ ৰ পৰা ১২ টা স্থানত তালাচী।চলাই

কোচিন মিনাৰেলছ আৰু ৰুটাইল লিমিটেড সংক্ৰান্তীয় এক গোচৰক কেন্দ্ৰ কৰি কেতবোৰ স্থানত অভিযান চলাইছ EDয়ে।।

এই গোচৰটো মূলতঃ বিজয়নৰ কন্যা বীণা থাইকাণ্ডিয়িলৰ প্ৰতিষ্ঠান এক্সাল’জিক ছলিউচনছ প্ৰাইভেট লিমিটেডৰ বিত্তীয় লেনকেনক কেন্দ্ৰ কৰি। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাইছে।

জানিব পৰা মতে, এই গোচৰটো ধন সৰবৰাহ গোচৰৰ সৈতে জড়িত, য’ত কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ কন্যা আৰু তেওঁৰ কোম্পানী ‘এক্সালজিক ছলিউচনছ প্ৰাইভেট লিমিটেড’ৰ নাম পোহৰলৈ আহিছিল।

এই সমগ্ৰ বিতৰ্কটো ২০১৭ চনৰ সৈতে জড়িত, যেতিয়া কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাৰ কোম্পানী এক্সালজিকে কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেডৰ সৈতে ছফ্টৱেৰ আৰু মাৰ্কেটিং সেৱা যোগান ধৰিবলৈ এটা আনুষ্ঠানিক চুক্তি কৰিছিল। অভিযোগ উঠিছে যে এই চুক্তিৰ চলেৰে কোনো কাম নকৰাকৈয়ে ১৩৩.৮২ কোটি টকাৰ ব্যয় দেখুৱাই সন্দেহজনক লেনদেন কৰা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *