খাৰুপেটীয়াত উত্তপ্ত পৰিস্থিতি

খাৰুপেটীয়াত উত্তপ্ত পৰিস্থিতি।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল দৰঙৰ খাৰুপেটীয়াৰ ৰাজপথ।

বাছ, অটো, ই-ৰিক্সাৰ ভাৰাৰ অভাৱনীয় বৃদ্ধিৰ বিৰুদ্ধে খাৰুপেটীয়া মহাবিদ্যালয়ৰ সহস্ৰাধিক শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

পৰিবহণ মন্ত্ৰী চৰণ বড়োয়ে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগৰ দাবী শিক্ষাৰ্থীৰ।

মহাবিদ্যালয়ত ৭৫% উপস্থিতি বাধ্যতামূলক সময়ত বাছ, অটো, ই-ৰিক্সাৰ ভাৰাৰ অভাৱনীয় বৃদ্ধিৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে দৰিদ্ৰ শিক্ষাৰ্থীসকল।

প্ৰতিবাদত এক ঘণ্টাৰো অধিক সময় স্তব্ধ হৈ থাকে খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈছে যদিও শান্ত কৰিব পৰা নাই পৰিস্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *