অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নলবাৰীত উত্তাল প্ৰতিবাদ আছুৰ।
সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ আহ্বানত নলবাৰী চহৰত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
নলবাৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি প্ৰতিবাদকাৰীয়ে মূল্য বৃদ্ধি বন্ধ কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে।
আছুৰ অভিযোগ, দিনক দিনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজ জীয়াই থকাৰ সংকটত পৰিছে।কিন্তু চৰকাৰে কোনো কার্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই।
আছুৰ নেতৃবৃন্দই সকীয়াই দিয়ে যে, অতি সোনকালে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ কৰা হ’ব।