ৰহস্য ফাদিল গুৱাহাটী মহানগৰীত সংঘটিত চাঞ্চল্যকৰ শিশুক অপহৰণকাণ্ডৰ।
পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। গুৱাহাটীৰ শিশু অপহৰণ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য গুৱাহাটী মহানগৰ আৰক্ষীৰ পশ্চিম আৰক্ষী জিলাৰ আৰক্ষী উপ-আয়ুক্ত বলীন দেউৰীৰ
DCP বলীন দেউৰীৰ ভাষ্য অনুসৰি, মঙলবাৰে নিশা গোটানগৰ এটি শিশুক চিকিৎসাৰ বাবে বন্ধুৰ সৈতে বাইকেৰে লৈ গৈছিল পিতৃ সাধন সূত্ৰধৰে। মালিগাঁৱৰ পৰা সন্তানসহ গোটানগৰলৈ গৈ থকা সময়তে পদুমবৰী পেট্ৰ’ল পাম্পৰ সমীপত সাধনৰ বন্ধুৰ বাইকৰ তেল শেষ হয়।
সেই সময়তে ওচৰতে ৰৈ থকা এখন বাহনৰ গৰাকীয়ে পিতৃ-পুত্ৰক ঘৰলৈ থৈ দিয়াৰ কথা কৈ বাহনখনত উঠাই লয়। আঢ়ৈ বছৰীয়া শিশুটি গাড়ীখনৰ পিছৰ চিটত পূৰ্বৰে পৰা বাহনখনত থকা এগৰাকী মহিলাৰ সৈতে বহিছিল। আনহাতে, শিশুটিৰ পিতৃ সাধন সূত্ৰধৰক চালকৰ আসনৰ কাষৰ চিটত বহুৱাইছিল।
গোটানগৰত উপস্থিত হোৱাৰ পাছত প্ৰথমে গাড়ীৰ পৰা নামিছিল পিতৃ সাধন সূত্ৰধৰ। পিতৃয়ে সন্তানটিক গাড়ীৰ পৰা নমাবলৈ বিচৰাৰ সময়তে গাড়ীখন তীব্ৰ বেগত গুচি যোৱাৰ অভিযোগ উঠিছে। শিশুটিৰ পিতৃ-মাতৃৰ অভিযোগ অনুসৰি, সাধন গাড়ীৰ পৰা নমোৱাৰ পাছত গাড়ীৰ গৰাকীয়ে তেওঁক ঘুছিয়াইছিল। তাৰ পাছতে শিশুটিক লৈ তীব্ৰ বেগত উধাও হৈছিল গাড়ীখন। ঘটনাৰ পাছত পুৱতি নিশা আৰক্ষীক বিষয়টো অৱগত কৰে শিশুটিৰ পিতৃ-মাতৃয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি শিশুটিৰ সন্ধানত অভিযান চলায়।
ইফালে আৰক্ষীৰ তদন্ত চলি থকাৰ সময়তে আজাৰাৰ নৱজ্যোতি কোঁৱৰ আৰু এগৰাকী মহিলাই জালুকবাৰী আৰক্ষী চকীত শিশুটিক লৈ উপস্থিত হয়। আৰক্ষীৰ আগত তেওঁলোকে শিশুটিক লৈ যোৱাৰ কাৰণ সন্দৰ্ভত বক্তব্য দিয়ে।
আৰক্ষীৰ মতে, শিশুটিক বিক্ৰী কৰিবলৈ নিয়া হ’ব পাৰে বুলি সন্দেহ ওপজাত নৱজ্যোতি কোঁৱৰ আৰু মহিলাগৰাকীয়ে শিশুটিক লৈ গৈছিল বুলি আৰক্ষীক জনাইছে। অৱশ্যে শিশুটিক কিয় লৈ যোৱা হৈছিল আৰু ঘটনাটোৰ আঁৰত প্ৰকৃততে কি ঘটিছিল, সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব। ঘটনাটোক কেন্দ্ৰ কৰি সম্প্ৰতি দুয়োটা পৰিয়ালৰ লোকক জালুকবাৰী আৰক্ষী চকীত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
শিশুটি উদ্ধাৰৰ খবৰ লাভ কৰাৰ পাছতে জালুকবাৰী আৰক্ষী চকীত উপস্থিত হয় পিতৃ-মাতৃ।