ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ সহযোগত লক্ষীপুৰ সম জিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীয়ে বৰাক নৈৰ তোলেনগ্ৰাম ঘাটত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে
মনিপুৰৰ পৰা কাছাৰ অভিমুখী এখন বাহনত তালাচী চলাই দুগৰাকী মহিলা যাত্ৰীৰ পৰা জব্দ কৰে হেৰ’ইন ভৰ্তি ৪৫ টা চাবোনৰ বাকচ । বাকচ কেইটাৰ পৰা মুঠ ৫৩৫ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। শুকান জলকীয়াৰ তলত লুকুৱাই অনা দুখন বেগৰ পৰা জব্দ কৰা হয় এই হেৰ’ইন খিনি।
ইফালে, হেৰ’ইনৰ সৈতে ৩.৫ কেজি ওজনৰ ৩০ হাজাৰ নিচাজাতীয় য়াবা টেবলেটো জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা নিচাজাতীয় সামগ্ৰী খিনিৰ মূল্য প্ৰায় ৯ কোটি টকা বুলি আৰক্ষীয়ে সদৰী কৰিছে
আনহাতে, নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য মনিপুৰ তামেংলঙ জিলাৰ দুগৰাকী কুকি মহিলাক গ্ৰেপ্তাৰ কৰে।
জব্দ কৰা হেৰ’ইন আৰু য়াবা টেবলেট খিনি মনিপুৰৰ পৰা কাছাৰলৈ বিক্ৰীৰ বাবে অনা হৈছিল। কাৰ ওচৰত এই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী খিনি বিক্ৰী কৰিবলৈ অনা হৈছিল, তাৰ তথ্য উলিয়াবলৈ আৰক্ষীয়ে লক্ষীপুৰ থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।