বৃহস্পতিবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়
সংবাদমেলত ২০২৭ চনৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। জিলা নিৰ্বাচনী বিষয়া প্ৰতীক্ষা দত্তয়ে এই সংবাদমেলযোগে খচৰা ভোটাৰ তালিকাখন মুকলি কৰি জিলাখনৰ ভোটাৰৰ শেহতীয়া তথ্য ৰাজহুৱা কৰে।
প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি জিলাখনৰ ৭ টা বিধানসভা সমষ্টি বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫৬০২৬৯ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৭৮২৬৪৫ গৰাকী, মহিলা ভোটাৰ ৭৭৭৫৭০ গৰাকী, তৃতীয় লিংগৰ ভোটাৰ ৫৪ গৰাকী। ১৮৭২ টা ভোট কেন্দ্ৰ আছে য’ত নতুনকৈ ৭ টা ভোট কেন্দ্ৰ বৃদ্ধি কৰে।
সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া প্ৰতীক্ষা দত্তয়ে জানিবলৈ দিয়া মতে, খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কোনো নাগৰিকৰ যদি নাম অন্তৰ্ভুক্তি, সংশোধন বা কোনো ধৰণৰ ওজৰ-আপত্তি থাকে, তেন্তে আজিৰ পৰা অহা ১১ ডিচেম্বৰ পৰ্যন্ত নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে আবেদন জনাব পাৰিব। সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছত অহা ৪ জানুৱাৰী, ২০২৭ তাৰিখে জিলাখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে।
জিলা আয়ুক্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল দাস, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা, কমলজিৎ শৰ্মা ৰ আৰু ৰহা সম জিলা আয়ুক্ত অংকিতা বৰাৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।