স্বাভাৱিক কোকৰাঝাৰৰ সাম্প্ৰতিক পৰিস্থিতি

কোকৰাঝাৰৰ সাম্প্ৰতিক পৰিস্থিতি স্বাভাৱিক বুলি জানিব পৰা গৈছে। বিগত ২৪ ঘণ্টাত কোনোধৰণৰ অনাকাংক্ষিত ঘটনা অঞ্চলটোত সংঘটিত হোৱা নাই বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।

ইফালে, কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ প্ৰান্তত অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ পৰিস্থিতিৰ দ্ৰুত উন্নতি ঘটিছে। অনাকাংক্ষিত ঘটনাটোত প্ৰভাৱিত হোৱা প্ৰায় ১২ শ লোকে সম্প্ৰতি দুটাকৈ শিবিৰত আশ্ৰয় লৈ আছে বুলিও জিলা আয়ুক্তগৰাকীয়ে সদৰি কৰে।

লগতে তেওঁ শান্তি-শৃংখলা সন্দৰ্ভত আজি বিয়লি বহু দল-সংগঠনৰ নেতা, বিভিন্ন সম্প্ৰদায়ৰ নেতা আৰু বিশিষ্ট ব্যক্তিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হব পাৰে বুলি মন্তব্য কৰে। ইফালে, BTADৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিঙে সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে। ঘটনা সন্দৰ্ভত এই পৰ্যন্ত ১৯ জনক আটক কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *