শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কছাৰী ময়দানৰ পৰা বাইক ৰেলী

 হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কছাৰী ময়দানৰ পৰা আজি এক বাইক ৰেলী উলিওৱা হয়। পথ সুৰক্ষা সজাগতা শীৰ্ষক উলিওৱা উক্ত ৰেলী শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কছাৰী ময়দানৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নীলবাগান হৈ হোজাই বিহুতলী খেলপথাৰত সমাপ্ত হয়।

অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, লামডিং আৰু হোজাই সমষ্টিৰ দুই বিধায়ক, জিলা আৰক্ষী অধীক্ষক সহ বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

আনহাতে বাইক ৰেলীটোত ডেৰশতকৈও অধিক বাইক আৰোহীয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *