গোলাঘাটৰ দহমাইল খুঁটিত আজি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।
ই-ৰিক্সাৰ খুন্দাত প্ৰাণ হেৰুৱালে এটি চাৰি বছৰীয়া কণমানি শিশুৱে। জানিব পৰা মতে, মাতৃৰ সৈতে স্থানীয় বজাৰলৈ অহা কণমানিজনীয়ে পথ পাৰ হ’বলৈ লওঁতেই বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা এখন ই-ৰিক্সাই খুন্দা মাৰে।
গুৰুতৰভাৱে আহত হোৱা শিশুটিক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
নিহত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে ই-ৰিক্সাখনৰ চালকজনক আটক কৰিছে।