নতুন দিল্লীত আজি অনুষ্ঠিত হয় ASEAN-ভাৰত প্ৰতিৰক্ষা সম্পৰ্কীয় সন্মিলন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত আয়োজিত ASEAN-ভাৰত প্ৰতিৰক্ষা সম্পৰ্কীয় এক সন্মিলনত অংশগ্ৰহণ কৰে।

সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু উমৈহতীয়া স্বাৰ্থৰ গুৰুত্বৰ কথা উল্লেখ কৰে।

ইফালে, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা আৰু সুৰক্ষা, সামুদ্ৰিক পৰিস্থিতি সম্পৰ্কীয় সজাগতা, তথ্যৰ আদান-প্ৰদান আৰু সামূহিক সক্ষমতা বিকাশৰ কথায়ো তেওঁৰ ভাষণত স্থান লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *