শিৱসাগৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ অভিযান শিৱসাগৰ প্ৰশাসনৰ

শিৱসাগৰৰ ঐতিহাসিক যমুনা দখলমুক্ত কৰা অভিযানৰ আজি দ্বিতীয়টো দিন।

শিৱসাগৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ অভিযান ৰাখিছে শিৱসাগৰ প্ৰশাসনে।

কালিপূজা উপলক্ষে কালি যমুনাত উচ্ছেদ অভিযান বন্ধ ৰাখিছিল যদিও আজি পুৱাৰ পৰা পুনৰ উচ্ছেদ চলাইছে প্ৰশাসনে।

অবৈধভাৱে যমুনাৰ ওপৰত নিৰ্মাণ কৰা ঘৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান এক্সকেভেটৰ লগাই ভাঙিছে প্ৰশাসনে।

যোৱা শণিবাৰে ধোবাপট্টীত উচ্ছেদ চলোৱাৰ পিছত আজি শিৱসাগৰ শিৱদৌলৰ সন্মুখৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান।

যমুনাৰ মুঠ ভূমি পৰিমাণ আছিল ১২০ বিঘা ১ কঠা ৯ লোচা ।ইয়াৰে ৪০ বিঘা ভূমি বেদখল হৈ আছিল।

যমুনা সম্পূৰ্ণৰূপে দখলমুক্ত নোহোৱা পৰ্যন্ত আটাছু ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *