লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙানদীৰ সমীপৱৰ্তী কেহুতলি ধৰ্মপুৰত বৃহৎ উচ্ছেদ অভিযান।
চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে ব্যৱসায় চলাই অহা বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসন উচ্ছেদ অভিযান।
প্ৰাপ্ত খবৰ অনুসৰি, বিহপুৰীয়া ৰাজহ চক্ৰৰ ৰঙানদীৰ পাৰৰ কেহুতলি ধৰ্মপুৰ অঞ্চলত একাংশ লোকে দীৰ্ঘদিন ধৰি চৰকাৰী মাটি দখল কৰি বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছিল। চৰকাৰী মাটি দখল কৰাৰ বিৰুদ্ধে জাননী প্ৰদান কৰিছিল যদিও ভূমি খালি কৰা নাছিল বেদখলকাৰীয়ে।অৱশেষত আজি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সুৰক্ষা বেষ্টনীৰ মাজত প্ৰশাসনে এক্সকেভেটৰ লৈ উচ্ছেদ চলাই
উল্লেখ্য যে, জিলা প্ৰশাসন আৰু ৰাজহ চক্ৰৰ উদ্যোগত চলোৱা এই অভিযানত অবৈধভাৱে নিৰ্মাণ কৰা মুঠ ৩২খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান এক্সকেভেটৰ চলাই সম্পূৰ্ণৰূপে ধ্বংস কৰা হয়। উচ্ছেদক কেন্দ্ৰ কৰি যাতে কোনো ধৰণৰ অপ্ৰীতি কৰ পৰিস্থিতি বা আইন-শৃংখলা জনিত সমস্যাৰ সৃষ্টি নহয়, তাৰ বাবে স্থানত বৃহৎ পৰিমাণৰ আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী সংৰক্ষিত ভূমি আৰু নদীৰ পাৰৰ এলেকা বেদখল মুক্ত কৰাৰ দিশত প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।